newsnextone.com | টীয়কঃ উজনি অসমৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ ৫৯তম প্ৰতিষ্ঠা দিৱস অাজি ৫ ছেপ্তেম্বৰ তাৰিখে দিনজোৰা কায্যসূচীৰে উদযাপন কৰা হয়৷ এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিজয় কৃষ্ণ পাচনিয়ে৷ স্মৃতি তৰ্পন কৰে কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ অকন চন্দ্ৰ শইকীয়াই৷

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিজয় কৃষ্ণ পাচনিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত টীয়ক আৰু মৰিয়নী সমষ্টিৰ বিধায়ক ক্ৰমে ৰেনুপমা ৰাজখোৱা আৰু ৰূপজ্যোতি কুৰ্ম্মী, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ ভূঞা, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ দীপক কুমাৰ শৰ্ম্মা সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ 

মহাবিদ্যালয়ৰ ৫৯তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা লক্ষেশ্বৰ শৰ্ম্মা বৰুৱা ভৱন আৰু ইন্দ্ৰেশ্বৰ চক্ৰৰ্ৱতী ছাত্ৰাবাস দুটা  টীয়ক আৰু মৰিয়নী সমষ্টিৰ বিধায়ক ক্ৰমে ৰেনুপমা ৰাজখোৱা আৰু ৰূপজ্যোতি কুৰ্ম্মীয়ে অনুষ্ঠানিক ভাৱে উদ্বোধন কৰে৷ আনহাতে, এই অনুষ্ঠানতে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি টীয়কৰ দুগৰাকী শিক্ষাবিদ ক্ৰমে কমল গগৈ আৰু জানুৰাম কুৰ্ম্মীক টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়৷ 

উদযাপন সমিতিৰ হৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিজয় কৃষ্ণ পাচনিয়ে মহাবিদ্যালয়ৰ ৫৯তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সফল সামৰণিত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে৷