newsnextone.com | টীয়কঃ উজনি অসমৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ ৫৯তম প্ৰতিষ্ঠা দিৱস অাজি ৫ ছেপ্তেম্বৰ তাৰিখে দিনজোৰা কায্যসূচীৰে উদযাপন কৰা হয়৷ এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিজয় কৃষ্ণ পাচনিয়ে৷ স্মৃতি তৰ্পন কৰে কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ অকন চন্দ্ৰ শইকীয়াই৷
মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিজয় কৃষ্ণ পাচনিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত টীয়ক আৰু মৰিয়নী সমষ্টিৰ বিধায়ক ক্ৰমে ৰেনুপমা ৰাজখোৱা আৰু ৰূপজ্যোতি কুৰ্ম্মী, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ ভূঞা, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ দীপক কুমাৰ শৰ্ম্মা সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷