ডিজিটেল ডেস্কঃ দামী মোবাইল হাতত লোৱাৰ ছখ। পিছে ইমান দামী মোবাইল কিনি দিবলৈ সামৰ্থ্য নাই পিতৃ-মাতৃৰ। সেয়ে দামী মোবাইল কিনাৰ টকা যোগাৰ কৰিবলৈ গোপনে অপৰিচিত লোকৰ সৈতে হোটেলত নিশা কটালে এগৰাকী কলেজীয়া ছাত্ৰীয়ে।
যোৱা শুকুৰবাৰে মাজ নিশা জলপাইগুৰিৰ ৰাজপথৰ পৰা নিচাগ্ৰস্ত অৱস্থাত ইঞ্জিনীয়াৰিঙৰ তৃতীয় বৰ্ষৰ ছাত্ৰীগৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে। নিচা শাম কটাৰ পিছত যুৱতীগৰাকীয়ে দিয়া ভাষ্য শুনি হতবাক হৈ পৰে দুই মহিলা আৰক্ষী বিষয়া। আৰক্ষীৰ আগত যুৱতীগৰাকীয়ে মুকলিকৈ স্বীকাৰ কৰিছে যে মাক-দেউতাকে মনে বিচৰা মোবাইলটো কিনি দিবলৈ অপাৰগ বাবেই তেওঁ এই চৰম সিদ্ধান্ত লৈছে।