গুৱাহাটীঃ ৰাজ্যত অচিৰেই পূৰণ হ’ব মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰবক্তাৰ খালী পদসমূহ। আজি কটন কলেজত অনুষ্ঠিত এক পৰ্যালোচনা সভাত এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই ক্ষেত্ৰত ইতিমধ্যে শিক্ষা বিভাগক প্ৰয়োজনীয় নিৰ্দেশ দিয়া হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
বৈঠকত একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা কৰে। এনে সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম হৈছে মেধাৰ ভিত্তিত প্ৰবক্তা নিযুক্তি৷ মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা প্ৰবক্তা নিযুক্তিৰ ক্ষেত্ৰত কেৱল মেধাইহে অগ্ৰাধিকাৰ পাব৷ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ৰ সৈতে জড়িত প্ৰবক্তাসকলক কোনো কাৰণতে চৰকাৰী মহাবিদ্যালয়ত নিযুক্তি দিয়া নহয় বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে৷