গুৱাহাটীঃ ৰাজ্যত অচিৰেই পূৰণ হ’ব মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰবক্তাৰ খালী পদসমূহ। আজি কটন কলেজত অনুষ্ঠিত এক পৰ্যালোচনা সভাত এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই ক্ষেত্ৰত ইতিমধ্যে শিক্ষা বিভাগক প্ৰয়োজনীয় নিৰ্দেশ দিয়া হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

বৈঠকত একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা কৰে। এনে সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম হৈছে মেধাৰ ভিত্তিত প্ৰবক্তা নিযুক্তি৷ মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা প্ৰবক্তা নিযুক্তিৰ ক্ষেত্ৰত কেৱল মেধাইহে অগ্ৰাধিকাৰ পাব৷ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ৰ সৈতে জড়িত প্ৰবক্তাসকলক কোনো কাৰণতে চৰকাৰী মহাবিদ্যালয়ত নিযুক্তি দিয়া নহয় বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে৷

♦ একাধিক নতুন নীতিৰে হিমন্তৰ চমক

♦ মাচুল ৰেহাই পোৱা শিক্ষাৰ্থীয়ে ৰুব লাগিব গছপুলি

♦ গছপুলি মৰিলে ৰেহাই দিয়া নহ'ব মাচুল

♦ উচ্চতৰ মাধ্যমিকত দিয়া হ'ব বিনামূলীয়া পাঠ্যপুথি

♦ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব গুণোৎসৱ

♦ শীঘ্ৰে ঘোষণা কৰা হ'ব মেট্ৰিক-উঃমাঃৰ ৰিজাল্ট

একেদৰে ঘৰুৱা শিক্ষকতাৰ ক্ষেত্ৰতো কঠোৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে৷ চৰকাৰী শিক্ষকে আনুষ্ঠানিকভাৱে প্ৰাইভেট টিউচন কৰিলে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিয়ে মন্ত্ৰী হিমন্তই৷ অৱশ্যে এজন-দুজন শিক্ষাৰ্থীক পঢ়ুৱাৰ ক্ষেত্ৰত কোনো বাধা-নিষেধ নাই বুলি তেওঁ জানিবলৈ দিয়ে৷ 

একেটা অনুষ্ঠানতে তেওঁ ৫খন মহাবিদ্যালয়লৈ বৃত্তিমূলক পাঠ্যক্ৰমৰ অনুমতিপত্ৰ প্ৰদানৰ কথাও ঘোষণা কৰে। এই অনুযায়ী ধুবুৰীৰ বি এন কলেজ, শৰাইঘাট কলেজ, নলবাৰী কমাৰ্চ কলেজ, মাজুলী কলেজ, কৰিমগঞ্জৰ এল চি কলেজক এই অনুমতিপত্ৰ প্ৰদান কৰা হ'ব বুলি জনায় মন্ত্ৰীগৰাকীয়ে৷ এই ৫খন মহাবিদ্যালয়লৈ ২০ লাখকৈ অনুদানৰ কথাও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে৷ প্ৰতিখন মহাবিদ্যালয়ক ভীম এপৰ জৰিয়তে লেনদেনৰো নিৰ্দেশ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে।

আনহাতে ডক্টৰেট ডিগ্ৰী প্ৰসংগতো এতিয়াৰে পৰা অত্যন্ত কঠোৰ হ’ব শিক্ষা বিভাগ৷ অনুষ্ঠানটোত মন্ত্ৰীগৰাকীয়ে জনায় যে NAACৰ স্বীকৃতি নথকা বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰী নিষিদ্ধ কৰা হ’ব আৰু তেনে বিশ্ববিদ্যালয়ৰ কোনো ধৰণৰ উচ্চ পৰ্যায়ৰ ডিগ্ৰী গ্ৰাহ্য কৰা নহ’ব৷ মন্ত্ৰীগৰাকীয়ে ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী প্ৰবক্তাসকলকো তীব্ৰ সমালোচনা কৰে৷ ভুৱা ডিগ্ৰী ল’বলৈ লাজ নালাগে নেকি বুলি প্ৰশ্ন কৰি তেনে তেনে প্ৰবক্তাক স্বেচ্ছাই অব্যাহতিৰ পৰামৰ্শ আগবঢ়ায় শিক্ষামন্ত্ৰীগৰাকীয়ে৷

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে মহাবিদ্যালয়সমূহত শীঘ্ৰে ৩য় আৰু ৪ৰ্থ বৰ্গৰ খালী পদসমূহতো নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব৷ এনে পদৰ বাবে অধ্যক্ষৰ আত্মীয়ই আৱেদন কৰিব নোৱাৰিব বুলি জানিবলৈ দি তেওঁ কয় যে কিবা কাৰণত আবেদন কৰিলেও সাক্ষাৎকাৰৰ সময়ত  অধ্যক্ষ উপস্থিত থাকিব নোৱাৰিব৷

উক্ত পৰ্যালোচনা সভাত আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে মন্ত্ৰীগৰাকীয়ে৷ এই সিদ্ধান্ত অনুযায়ী এতিয়াৰে পৰা মহাবিদ্যালয়সমূহত কোনোধৰণৰ মহাবিদ্যালয় বৰ্হিভূত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিব পৰা নাযাব৷ মহাবিদ্যালয় পৰ্যায়ত ক্ৰীড়াৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয় যে খেল-ধেমালিৰ পৰিৱেশ নাইকিয়া হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল বিপথে পৰিচালিত হোৱাৰ লগতে ফেচবুক-টুইটাৰৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে৷

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এতিয়াৰে পৰা স্নাতক ২য় বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে নতুন নিয়ম কৰা হৈছে৷ এই নতুন নিয়ম অনুযায়ী আলোচনী, ক্ৰীড়াৰ বাবে  স্নাতক ২য় বৰ্ষৰ শিক্ষাৰ্থীসকলে মাচুল আদায় দিব লাগিব৷ লগতে মহাবিদ্যালয় সপ্তাহৰ বাবেও মাচুল আদায় দিব লাগিব উক্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে৷ আনহাতে, ১ম বৰ্ষত মাচুল ৰেহাই পোৱাসকলক যিকোনো স্থানত এটাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে৷ পুলিটো বাচি থাকিলেহে পৰৱৰ্তী মাচুল ৰেহাই পাব বুলিও বিশেষ মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে৷ ইয়াৰ বাবে উক্ত ছাত্ৰ-ছাত্ৰীসকলে ফটোসহ গছপুলি ৰোৱাৰ প্ৰমাণ দিব লাগিব 
তেওঁ জানিবলৈ দিয়ে৷

প্ৰতিখন মহাবিদ্যালয়কে এখনকৈ গাঁও ADOPT কৰিবলৈকো আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে৷ এনে মহাবিদ্যালয়সমূহক ৫ লাখকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ গাঁও ADOPT নকৰা মহাবিদ্যালয়ত নতুন পদত নিযুক্তি দিয়া নহয় বুলিও তেওঁ জানিবলৈ দিয়ে৷ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে গাঁওখনৰ উন্নয়নৰ ওপৰতে মহাবিদ্যালয়খনৰ শিক্ষকৰ পদোন্নতি নিৰ্ভৰ কৰিব৷ কলেজ শিক্ষকসকলক সাময়িক প্ৰসংগত মনোযোগ দিবলৈকো তেওঁ পৰামৰ্শ আগবঢ়ায়৷ প্ৰতিমাহে সাময়িক প্ৰসংগত আলোচনা অনুষ্ঠিত কৰি আলোচনাৰ ফটোসহ সবিশেষ জনাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷ ৱেবছাইট নথকা মহাবিদ্যালয়সমূহক শীঘ্ৰে ৱেবছাইট প্ৰস্তুতৰো নিৰ্দেশ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে৷

মন্ত্ৰীগৰাকীয়ে আন কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে অহা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ সকলো পাঠ্যপুথি বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। সন্ধিয়া ৭ বজালৈকে শিক্ষানুষ্ঠান খোলা ৰখাৰ নতুন নিয়ম কৰা হ'ব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে।