মঙলদৈঃ খাপলাং কাই আৰু নাই৷ খাপলাং কাই আৰু নাই বুলি কোৱা কথাষাৰ বিশ্বাস কৰিবলৈ টান লাগিলেও দেওবাৰে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গল তেওঁ অচিনা দেশলৈ৷ এতিয়া অচিন দেশৰ পৰা আমালৈ চাই থাকিব খাপলাং কাই৷ খাপলাং কাই গুচি গলেও তেওৰ অভিনয়ে প্ৰতিজন অসমীয়াৰ মাজত জীয়াই ৰাখিব তেওঁক। তেওৰ বিদায়ে অপূৰণীয় ক্ষতি কৰিলে অসমীয়া কৌতুক অভিনয়ৰ জগতখনক৷
ৰসিক খাপলাই কাই কৌতুক অভিনয় জগতৰ বাবে এটি পৰিচিত নাম হৈ পৰিছিল৷ খাপলাই কাইৰ চৰিত্ৰৰ বহু জনপ্ৰিয় আছিল৷ আজিও অসমৰ গাঁৱে-ভূঞে বহু যুৱকক ধেমালিতে খাপলাং কাই বুলি মতা দেখা যায়৷ মৃত্যুৰ পিছতো তেওঁৰ অভিনয় স্মৃতি হৈ ৰব অসমৰ বুকুত৷ খাপলাই কাই চৰিত্ৰত অভিনয় কৰি যোৱা কেবাটাও বছৰ ধৰি অসমৰ দৰ্শকক আমোদ দি অহা বিশিষ্ট অভিনেতা খাপলাং দেওবাৰে নিশা সচাকৈ আমাক এৰু গুচি গল।