বেতবাৰীঃ টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত পিয়লি ফুকন আঞ্চলিক সমিতিৰ শুকুৰবাৰে এখন সভা অনুষ্ঠিত হয়৷ নাজিৰাৰ ত্ৰিবেণী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি অনুষ্ঠিত সভাত পিয়লি ফুকন আঞ্চলিক সমিতি গঠন কৰা হয়।

টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিগন্ত তামুলীৰ সভাপতিত্ব অনুষ্ঠিত সভাত প্ৰদীপ দিহিঙ্গীয়া আৰু অসীম ৰঞ্জন বুঢ়াগোঁহাইক উপদেষ্টা, জয়দ্বীপ দিহিঙ্গীয়াক সভাপতি, বিনয়জিৎ বৰাক কাৰ্যকৰী সভাপতি, নৱজিৎ হাটীমূৰীয়া আৰু বিকি গগৈক যুটীয়া সম্পাদক হিচাপে লৈ ৬০ জনীয়া পিয়লি ফুকন আঞ্চলিক সমিতি গঠন কৰা হয়।

সভাত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ অনুসৰি নাজিৰা মহকুমাৰ পিয়লি ফুকন অঞ্চলটোত এখন টাই ভাষাৰ বিদ্যালয় নিৰ্মাণৰো প্ৰস্তাব লোৱা হয়। সভাত শিৱসাগৰ জিলা সমিতিৰ সহঃ সাধাৰণ সম্পাদক জয়ন্ত বৰগোঁহাই, প্ৰচাৰ সম্পাদক হিমাক্ষু গগৈ, সাংগঠনিক সম্পাদক ৰমেন গগৈৰ লগতে নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি দিলিপ গগৈ আৰু হাটীপতি আঞ্চলিক সমিতিৰ কাৰ্য্যকৰী সভাপতি নিপু গগৈ আৰু সম্পাদক দিৱজ্যোতি গগৈ উপস্থিত থাকে।