জাজৰিঃ গুৱাহাটীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘সাগৰ’ ফাউণ্ডেচনৰ উদ্যোগত আৰু জাজৰিৰ বটদ্ৰৱাৰ বিশেষভাৱে সক্ষম বিদ্যালয়ৰ সহযোগত আজি মাজগাঁও ৰাস মন্দিৰ খেলপথাৰত দিব্যাংগ সকলৰ মাজত অনুষ্ঠিত হয় এক ব্যতিক্ৰমি অনুষ্ঠান।
অঞ্চলৰ দিব্যাংগ সকলৰ মাজত লঘু ক্ৰীড়া প্ৰতিযোগীতা, নৃত্য-গীত, কবিতা আবৃত্তি, দলীয় নৃত্যকে ধৰি বিভিন্ন প্ৰতিযোগীতা আৰু এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। শিশু শিল্পী স্বাগতা কুমাৰীয়ে পৰিবেশন কৰা বিষ্ণুৰাভা গীতেৰে আৰম্ভ হোৱা আলোচনা চক্ৰখন সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ জগন্নাথ গোস্বামীয়ে।