newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত সুঁতিৰপাৰ আৰক্ষী পহৰা চকীৰ সহঃ উপ-আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ সহঃ উপ-আৰক্ষী পৰিদৰ্শকগৰাকী দুৰ্নীতিগ্ৰস্থ বুলি অভিযোগ উত্থাপন কৰি আৰক্ষী পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে নগাঁও জিলা আৰক্ষী অধীক্ষকক এক লিখিত অভিযোগ দাখিল কৰা ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
অভিযোগ অনুসৰি, স্থানীয় ২নং বৰালিমাৰী গাঁৱৰ ফকৰ উদ্দিন আৰু আব্দুল মতিনৰ পৰিয়ালৰ মাজত কেইদিনমান পুৰ্বে এক মাৰপিটৰ ঘটনা সংঘটিত হয়। পিছত ঘটনা সন্দৰ্ভত ফকৰ উদ্দিনে আব্দুল মতিনৰ বিৰুদ্ধে উক্ত আৰক্ষী পহৰা চকীখনত এক গোচৰ দাখিল কৰিছিল যদিও স্থানীয় একাংশ সচেতন লোকে উভয় পক্ষৰ আলোচনা মৰ্মে গোচৰটোৰ আপোচ মীমাংসা কৰি এক উমৈহতীয়া পত্ৰযোগে আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক অৱগত কৰে।