নাৰায়ণপুৰঃ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধলপুৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত চৰম অৰাজকতা চলি অহাৰ অভিযোগ উত্থাপিত হৈছে। উত্থাপিত অভিযোগ অনুসৰি পঞ্চায়ত কাৰ্যালয়টোৰ কোঠাবোৰৰ ভিতৰভাগ গৰু গোহালিৰ সদৃশ ৰূপ লোৱা পৰিলক্ষিত হৈছে। পঞ্চায়ত প্ৰতিনিধিৰ লগতে কৰ্মকৰ্তাসকলো নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিত নথকাৰ ফলতে কৰ্যালয়টোৱে এনে ৰূপ লৈছে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে।
এনে অনিয়মীয়া উপস্থিতিৰ বাবে বিভিন্ন কাম লৈ বাট কুৰি বাই অহা সাধাৰণ জনসাধাৰণ পঞ্চায়ত প্ৰতিনিধিৰ বিনা সাক্ষাৎতেই ঘৰমুৱা হ’ব লগীয়া হৈ আহিছে। আনহাতে, পঞ্চায়ত কৰ্যালয়ত সম্প্রতি কম্পিউটাৰ, খোৱাপানীৰ ব্যৱস্থা, টি ভি আদিৰ লগতে পঞ্চায়ত কাৰ্যনিৰ্বাহক বৈঠকো অনুষ্ঠিত হোৱা নাই বুলি জানিব পৰা গৈছে।