ঢেকীয়াজুলিঃ জনতাক হাৰাশাস্তি কৰি অহা আৰক্ষীৰ বিৰুদ্ধে উৰ্ধতম কৰ্তৃপক্ষৰ কাষ চাপিছে “মানৱ অধিকাৰ ন্যায় ফ’ৰাম অসম”। একাংশ আৰক্ষীৰ লোকে নিজৰ পোচাকৰ মৰ্য্যদা লুন্ঠিত কৰি আজিও সাধাৰণ জনতাক শান্তি-শৃংখলা বজাই ৰখাৰ নামত নিৰ্যাতন চলাই অহাৰ তীব্ৰ বিৰোধিতা কৰি সংগঠনটোৱে অলপতে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক পি পি সিঙক লিখিত অভিযোগ দাখিল কৰে।
ফ’ৰামৰ সভাপতি অজিত কুমাৰ নাথ স্বাক্ষৰিত অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে যে অৰক্ষীৰ লোকসকলৰ ভিতৰত একাংশ কনিষ্টবল, গৃহৰক্ষী বাহিনীৰ জোৱান আৰু উপ-পৰিদৰ্শকে এই মানৱ আধিকাৰ উলংঘনত বিশেষভাৱে হাতউজান দি আহিছে ৷