খৈৰাবাৰীঃ খৈৰাবাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে অনিয়মৰ অভিযোগ। অঞ্চলটোৰ একমাত্ৰ পুৰণি অসমীয়া মাধ্যমৰ স্ত্ৰী শিক্ষানুষ্ঠানখনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক এগৰাকীৰ বিৰুদ্ধে উত্থাপিত এনে অভিযোগে স্থানীয় ৰাইজৰ চকু কপালত তুলিছে।
উত্থাপিত অভিযোগ অনুযায়ী মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে আবণ্টন দিয়া কেবাখনো চাইকেল বিতৰণৰ পৰিৱৰ্তে বিক্ৰী কৰি ধন ঘটিছিল সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰি চন্দ্ৰ শৰ্মাই। প্ৰাপ্ত বাতৰি মতে, চাইকেলকেইখন বিতৰণ নকৰি তেওঁ চাকৰি কালত কেবাগৰাকী সহঃশিক্ষকক বিক্ৰী কৰিছিল। অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীৰ এনে কাৰ্যত ক্ষুব্ধ হৈ পৰিছে জ্যেষ্ঠ শিক্ষক দিলীপ বসুমতাৰীসহ কেবাগৰাকী শিক্ষক।