ঢেকীয়াজুলিঃ সমগ্ৰ দেশে ৫ ছেপ্তেম্বৰত শিক্ষক দিৱস পালন কৰিবলৈ উঠি পৰি লগাৰ সময়তে শিক্ষকৰ প্ৰহাৰত কাপোৰতে প্ৰস্ৰাৱ কৰিলে ছাত্ৰই৷ এখন বেচৰকাৰী বিদ্যালয়ৰ এজন শিক্ষকে সংঘটিত কৰিছে এই কাণ্ড৷ ছাত্ৰ-ছাত্ৰীক এই শতিকাৰ শিক্ষিত মানুহ কৰাৰ সপোন দেখুওৱা ঢেকীয়াজুলি চহৰৰ সমীপৰ মিঠামতস্থিত চেইন্ট উৰ্চুলা নামৰ মিছনেৰী বিদ্যালয়খনত আজিও আনদিনাৰ দৰে শ্ৰেণী আৰম্ভ হোৱাৰ পূৰ্বেই ছাত্ৰ-ছাত্ৰীসকলে সমূহীয়া প্ৰাৰ্থনাত অংশ লয়৷
ঠিক এনে সময়তে ক্লাছ টুত অধ্যয়ন কৰা একাংশ কণ কণ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত হাতত বেত লৈ অাৰ্বিভাৱ ঘটিল বিদ্যালয়খনৰ শিক্ষক সঞ্জীৱ কাণ্ডোল’নাৰ৷ একাংশ কণ কণ ছাত্ৰীৰ কোমল ভৰিতো এফালৰ পৰা শিক্ষকজনে বেতেৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে৷ কণমানিহতঁৰ যন্ত্ৰণাৰ চিঞৰত কঁপি উঠে বিদ্যালয়খন৷