newsnextone.com | মাৰ্ঘেৰিটাঃ বৃহস্পতিবাৰে সন্ধিয়া ৫.০৫ বজাত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ মহা প্ৰস্থানত সমগ্ৰ দেশৰ লগতে জাগুনতো বিভিন্ন দল-সংগঠন তথা গুনমুগ্ধ ৰাইজে গভীৰ শোক প্ৰকাশ কৰে।

মহীৰূহগৰাকীৰ বিয়োগত ‍মৰ্মাহত হৈ শুকুৰবাৰে জাগুন বজাৰ সমিতিয়ে দৈনিক আৰু সপ্তাহিক বজাৰ বন্ধ ৰাখি শোক সভা পালন কৰে। লগতে ভাৰতীয় জনতা পাটিৰ কৰ্মকৰ্তাসকলে জাগুন শ্বহীদবেদীত বাজপেয়ীৰ প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।