newsnextone.com | অভয়াপুৰীঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পৰলোক গমণৰ পিছতে সমগ্ৰ দেশ জুৰি শোকৰ বন্যা বৈছে।

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো ঠায়ে ঠায়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি গুণমুগ্ধ আৰু বিভিন্ন দল-সংগঠনে অটল বিহাৰী বাজপেয়ীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে।

অভয়াপুৰীৰ লেংটিছিঙাতো শুকুৰবাৰে স্থানীয় ৰাইজে মমবাতি জ্বলাই প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে।যুগনায়ক গৰাকীৰ পৰলোকপ্ৰাপ্তিত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদি বন্তি প্ৰজ্বলন কৰাৰ পিছতে এখন শোকসভা অনুষ্ঠিত কৰা হয়।

মহীৰূহ গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় তিনিশতাধিক ৰাইজ উপস্থিত থাকে।