newsnextone.com | নলবাৰীঃ নলবাৰী জিলাৰ বাহঁজানী মৌজাৰ অন্তৰ্গত জানিগোগ গাঁৱৰ (কৰেবাৰী) নিবাসী ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক, সমাজসেৱক, সাহিত্যসেৱী, আদৰ্শ কৃষক কৃষ্ণকান্ত শৰ্মাক কৰেবাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত দেওবাৰে স্মৰণ কৰা হয়। তদুপলক্ষে নিশা ৮.৩০ বজাত গাঁও উন্নয়ন সমিতিৰ সভাপতি ৰমেশ শৰ্মাৰ সভাপতিত্বত গাঁৱৰ মন্দিৰ প্ৰাংগনত এখন স্মৃতিচাৰণ সভা হয়।
সম্পাদক তৰোণী শৰ্মাই উদ্দেশ্য বাখ্যা কৰা সভাত বাওঁপন্থী নেতা, সমাজকৰ্মী ৰবীন মিশ্ৰ, গাঁও উন্নয়ন সমিতিৰ সহ সম্পাদক প্ৰণৱ প্ৰাণ বাচ্যস, দীলিপ শৰ্মা, সমাজসেৱক ৰমানাথ শৰ্মা, কনক মিশ্ৰ, পবিন শৰ্মা, দ্বীপেন শৰ্মা, দীপক মিশ্ৰ, প্ৰাঞ্জল শৰ্মা সহ বহু সংখ্যক লোক উপস্থিত থাকে। সভাত বাওঁপন্থী নেতা ৰবীন মিশ্ৰই ভাষণত প্ৰয়াত শিক্ষক কৃষ্ণকান্ত শৰ্মাক স্মৰণ কৰি তেওঁৰ সংঘাতময় বৰ্ণাঢ্য জীৱনটোৰ ওপৰত আলোকপাত কৰে।