73
তামুলপুৰ: ভাৰত ৰত্ন, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰয়াণত তামুলপুৰ আঞ্চলিক যুৱ মঞ্চৰ কাৰ্যালয়ৰ লগতে তামুলপুৰ পুৰণ চ’ক আৰু তামুলপুৰ ঘগ্ৰাচ’কত শনিবাৰে সন্ধিয়া এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
অনুষ্ঠানত প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি বন্তি প্ৰজ্বলন কৰে যুৱ মঞ্চৰ উপদেষ্টা চমেন ৰাভাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপদেষ্টা চমেন ৰাভাই প্ৰয়াত বাজপেয়ীৰ কৰ্ম জীৱন আৰু আদৰ্শৰ বিষয়ে বাখ্যা কৰে।