গোৰেশ্বৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ অন্তৰ্গত গোৰেশ্বৰ আঞ্চলিক সমিতিৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশনখন এদিনীয়া দিনজোৰা কাৰ্যসূচীৰে ৩০ জুলাইত অনুষ্ঠিত হৈ যায়৷ বাক্সা জিলাৰ ১৪২নং গোৰেশ্বৰ নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে আঞ্চলিক সমিতিৰ সভাপতি সীমান্ত বায়নে।
৯-৩০ বজাত শ্বহীদ তৰ্পন কৰে সমিতিৰ সাধাৰণ সম্পাদক ৰেজেকুদ্দিন আহমেদে। ১০ বজাত বৃক্ষ ৰোপণ কৰে বিদ্যালয়খনৰ সহঃ শিক্ষক বিশ্বজিৎ ডেকা আৰু বিশ্ব কুমাৰ ডেকাই। ১১ বজাত সীমান্ত বায়নৰ সভাপতিত্বত অনুষ্ঠিত সভা উদ্বোধন কৰে ৰঙিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক ৱাহেদৰ ৰহমানে।