ডিব্ৰুগড়ঃ মটক জনগোষ্ঠীৰ তিনিটা জাতীয় সংগঠন সদৈ অসম মটক সন্মিলন, সদৌ মটক যুৱ-ছাত্র সন্মিলন অাৰু সদৌঅসম মটক মহিলা পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ অহা ২১-২৪ ডিচেম্বৰলৈকে ডিব্ৰুগড় জিলাৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হ’ব তিনিওটা সংগঠনৰ অধিৱেশন৷ সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ ঊনত্রিংশতম অাৰু সদৌ অসম মটক মহিলা পৰিষদৰ পঞ্চতম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন পৰিচালনা কৰাৰ বাবে ইতিমধ্যে অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷
ড০ সৃষ্টিধৰ দওক সভাপতি, চান্দ কুমাৰ গোহাঁইক কাৰ্যকৰি সভাপতি মিন্টু বৰপাত্র আৰু হৃদয়ানন্দ কোঁৱৰক যুটীয়া সম্পাদক হিচাপে লৈ পৰিচালনা সমিতি গঠন কৰা হয়৷ সৌমাৰ খণ্ডৰ একালৰ অধিকাৰী অসমীয়া সংস্কৃতি ঐতিহ্য বহনকাৰী মটৰ জনগোষ্ঠীটোৱে আজিও বঞ্চিত অৱহেলিত হৈ আহিছে বুলি অভিযোগ উত্থাপন হয়৷ জনগোষ্ঠীটোৰ লোকসকল অস্তিত্বৰ সংকটত পৰৰা লগতে, লোক কৃষ্টি, সংস্কৃতি, পৰম্পৰা জীয়াই ৰখাৰ বাবে অহৰহ চেষ্টা চলাই আহিছে যদিও চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷