গৰৈমাৰীঃ এটুকুৰা ভূমিৰ লোভত পাহৰি গৈছে সকলো। ইজনে সিজনক খেদিছে৷ ইজনে সিজনক টাঙোনেৰে কোবাইছে, ইটাৰে মূৰত মাৰিছে৷ পাহৰি পেলাইছে মানৱতা, মৰম, ভালপোৱা সকলোবোৰ৷ যেন পশুৰ ৰূপ হে ধাৰণ কৰিছে একাংশ মানুহে৷
মানুহ এতিয়া মানুহৰে শত্ৰু৷ ৰাজ্য খনত দৈনন্দিন হত্যা ধৰ্ষন অপহৰণ আদিৰ দৰে ভূমি বিবাদক কেন্দ্ৰ কৰি বিভিন্ন ঠাইত বিভিন্ন জনৰ সংঘাতৰ পৰিণতিত মৃত্যু হোৱাৰ বাতৰিয়ে শিৰোনাম দখল কৰি অহাৰ সময়তে পুনৰ আন এক ভূমি বিবাদৰ ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীত।