গুৱাহাটীঃ বাংলাদেশীৰ প্ৰতি দৰদ থকা বুলি সততে কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয়৷ কিছু দিন পূৰ্বে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে কংগ্ৰেছ দলক এটি নিৰ্দিষ্ট ধৰ্মৰ লোকক প্ৰাধান্য থকা দল বুলি কোৱাৰ লগতে দলটোত উক্ত ধৰ্মৰ লোকৰ বিধায়কৰ সংখ্য বহুত বুলি কংগ্ৰেছক আক্ৰমণ কৰিছিল৷
এই অভিযোগ কেৱল শিলাদিত্য দেৱে উত্থাপন কৰিছে এনে নহয়, সময়ে সময়ে এই অভিযোগ ভিন্নজনে দলটোৰ বিৰুদ্ধে উত্থাপন কৰি আহিছে৷ ৰাজ্যৰ জাতীয় দল-সংগঠনেও এই অভিযোগ উত্থাপন কৰি আহিছে ৰাষ্ট্ৰীয় দলটোৰ বিৰুদ্ধে৷