চণ্ডীগড়ঃ দিল্লীৰ পিছত এইবাৰ পাঞ্জাৱত চৰকাৰ গঠন কৰাৰ সপোন দেখিছিল আম আদমি পাৰ্টিয়ে। কিন্তু কেজৰিৱালৰ সপোনক ধুলিস্যাৎ কৰিলে নতুনকৈ উত্থান ঘটা কংগ্ৰেছ দলটোৱে। বিজেপি আৰু আকালি দলৰ মিত্ৰজোঁটকো মুখথেকেচা খুৱাইছে কংগ্ৰেছে।

সুদীৰ্ঘ এটা দশকৰ মুৰত কংগ্ৰেছ দলৰ প্ৰত্যাৱৰ্তনৰ ইংগিত বহন কৰিছে আজিৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে। ১১৭ টা সমষ্টিৰ ২২ টা সমষ্টিত জয় লাভ কৰাৰ লগতে ৫৬ টাত আগুৱাই আছে কংগ্ৰেছ৷

কংগ্ৰেছ দলৰ কেপ্তেইন অমৰীন্দৰ সিং ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ হাতত পৰাস্ত হয়৷ কিন্তু নিজৰ জন্মদিনটোত নিৰাশ হ’বলগা নহ’ল কেপ্টেইন সিং। পাটিয়ালা সমষ্টিত বিজয় সাব্যস্ত কৰি জন্মদিন উদযাপন কৰিব পাৰিছে অমৰীন্দৰ সিঙে। লাম্বী সমষ্টিত ২২,৭০০ ভোটত পৰাস্ত হয় অমৰেন্দ্ৰৰ সিং৷

কেইদিনমান পুৰ্বে কংগ্ৰেছ দলত যোগদান কৰা পুৰ্ব ক্ৰিকেটাৰ নৱজোৎ সিং সিন্ধুৱে পুব অমৃতসৰ সমষ্টিত ২৮,৭৬৫ ভোটত আগুৱাই আছে৷ অমৰজিৎ সিঙৰ পৰাজয়ে হয়তো ভাগ্য মুকলি কৰিব প্ৰাৰ্থীজনৰ৷ ইফালে পাঞ্জাৱত আম আদমি পাৰ্টিৰ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাইছে এইবাৰৰ নিৰ্বাচনে।