67
চণ্ডীগড়ঃ দিল্লীৰ পিছত এইবাৰ পাঞ্জাৱত চৰকাৰ গঠন কৰাৰ সপোন দেখিছিল আম আদমি পাৰ্টিয়ে। কিন্তু কেজৰিৱালৰ সপোনক ধুলিস্যাৎ কৰিলে নতুনকৈ উত্থান ঘটা কংগ্ৰেছ দলটোৱে। বিজেপি আৰু আকালি দলৰ মিত্ৰজোঁটকো মুখথেকেচা খুৱাইছে কংগ্ৰেছে।
সুদীৰ্ঘ এটা দশকৰ মুৰত কংগ্ৰেছ দলৰ প্ৰত্যাৱৰ্তনৰ ইংগিত বহন কৰিছে আজিৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে। ১১৭ টা সমষ্টিৰ ২২ টা সমষ্টিত জয় লাভ কৰাৰ লগতে ৫৬ টাত আগুৱাই আছে কংগ্ৰেছ৷