Home ৰাজ্যমোক ৰাজনৈতিকভাৱে হত্যা কৰাৰ চেষ্টা চলাইছে অখিল গগৈয়েঃ দেৱব্ৰত শইকীয়া

মোক ৰাজনৈতিকভাৱে হত্যা কৰাৰ চেষ্টা চলাইছে অখিল গগৈয়েঃ দেৱব্ৰত শইকীয়া

by News Desk
A+A-
Reset
WhatsApp Image 2025-05-06 at 6

গুৱাহাটী: ৰাজ্যত অব্যাহত থকা পঞ্চায়ত নিৰ্বাচনৰ উত্তাপৰ মাজতে চৰম পৰ্যায়ত উপনীত হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বাকযুদ্ধ। বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ এৰি বিৰোধীৰ মাজতে খোৱা-কমোৰা লগা এই দুই দলৰ নেতাৰ হাই ভল্টেজ ড্ৰামাই গৰম কৰি ৰাখিছে পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক বতাহ। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ মাজত চলা অভিযোগ-প্ৰত্যাভিযোগে এতিয়া ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে।

ইফালে এই বাকযুদ্ধৰ মাজতে মাজে মাজে এণ্ট্ৰী ঘটিছে ভূপেন বৰা, দেৱব্ৰত শইকীয়াৰ দৰে নেতাৰো। বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক লৈ শেহতীয়াকৈ অখিলে কৰা মন্তব্যৰ পিছত কংগ্ৰেছ নেতাগৰাকীয়ে আজি প্ৰদান কৰে প্ৰত্যুত্তৰ। মঙলবাৰে দিছপুৰৰ চৰকাৰী ভৱনত এক সংবাদমেল সম্বোধন কৰি দেৱব্ৰত শইকীয়াই অখিল গগৈক তীক্ষ্ণ সমালোচনা কৰি কয়, “মোক ৰাজনৈতিকভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। বিধানসভাত অখিল গগৈয়ে মোক শ্ৰুতলিপি দি নিজৰ মতে পৰিচালনা কৰাৰ চেষ্টা কৰিছিল।” তেওঁৰ অভিযোগ, এই ঘটনাৰ পিছত অখিল গগৈয়ে তেওঁৰ বিৰুদ্ধে বিভিন্ন বক্তব্য দি ৰাজনৈতিকভাৱে দুৰ্বল কৰাৰ চেষ্টা চলাই আহিছে। উল্লেখ্য যে, সোমবাৰে দেৱব্ৰত শইকীয়াই এক সংবাদমেলত অখিল গগৈৰ বিৰুদ্ধে বিজেপিৰ ‘বি টিম’ হিচাপে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0