ডিজিটেল ৰিপ’ৰ্টঃ ৰাজ্যবাসীয়ে বানৰ কবলত পৰি ককবকাই থকাৰ সময়তে কংগ্ৰেছৰ নেতা ব্যস্ত হৈ পৰিছে গৃহ যুদ্ধ কৰাত৷ দলটো শাসনত নাই যদিও আভ্যন্তৰীণ কন্দল যেন সমাপ্ত নহয় হে নহয়৷ যোৱা নিৰ্বাচনত দলৰে একাংশ নেতা-কৰ্মীয়ে চিপৰাং মৰাৰ ফলত দলটো ধৰাশায়ী হোৱা বুলি আজিও চৰ্চা অব্যাহত আছে৷
যোৱা নিৰ্বাচনৰ সময়তে টিংখাং বিধানসভা সমষ্টিত আৰম্ভ হোৱা দলটোৰ দুটা ফৈদৰ কন্দল আজিও অব্যাহত আছে৷ সমষ্টিটোৰ নেতা-কৰ্মীয়ে পৱন সিং ঘাটোৱাৰৰ পত্নী জীৱনতাৰা ঘাটোৱাৰ আৰু এটোৱা মুণ্ডাৰ ফৈদত বিভক্ত হৈ পৰিছে।