61
ডিজিটেল ৰিপ’ৰ্টঃ ৰাজ্যজুৰি বিদ্যুতৰ নাটনি অব্যাহত থকাৰ সময়তে আজিও কাৰ্যক্ষম হৈ নুঠিল বঙাইগাঁও তাপবিদ্যুৎ প্ৰকল্প। ২০০৬ চনৰ ১৬ জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে অাধাৰশিলা স্থাপন কৰা বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পটো ২০১১ চনতে সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও উক্ত ৫ হাজাৰ কোটিটকীয়া প্ৰকল্পটো একমাত্ৰ এনটিপিচিৰ অৱহেলা আৰু হেমাহিৰ বাবেই আজিও সম্পূৰ্ণ হৈ নুঠাত দল সংগঠনসমুহ জাঙুৰ খাই উঠিছে।