মাৰ্ঘেৰিটাঃ দল বাগৰাৰ ৰাজনীতি অসমত নতুন নহয়৷ ইটো দৰল পৰা সিটো দললৈ নেতা আহে আৰু যায়৷ মন্ত্ৰীৰ পৰা সাংসদলৈ, বিধায়কৰ পৰা তৃণমূল কৰ্মীলৈকে সকলোৱে দল বাগৰাৰ ৰাজনীতিত সিদ্ধহস্ত৷ দল শাসনত নাথাকিলে একাংশ নেতাই দলটো এৰি আন দললৈ আহে৷ এয়া যেন পৰম্পৰা হৈ পৰিছে অসমত৷ একাংশ লোকে বিৰোধি দলত থাকি সা-সুবিধা নোপোৱাৰ ফলত শাসকীয় দলৰ সৈতে জড়িত হৈ সুবিধা আদায়ৰ আশা কৰে বুলি অভিযোগ উত্থাপিত হয়৷
যাৰ বাবে শাসকীয় দলৰ সৈতে জড়িত হৈ পৰে৷ কিন্তু একাংশ লোকে প্ৰকৃততে কোনো এটা দলৰ আদৰ্শক সমৰ্থন কৰি দললৈ আহে৷ তেওলোকে দলৰ আদৰ্শ গ্ৰহণ কৰি দেশ, জাতিৰ হকে কাম কৰা স্বাৰ্থত ওলাই আহি এটি দলৰ সৈতে জৰিত হয়৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ একাংশ লোক শেহতীয়াকৈ শাসকীয় দল বিজেপি মুখী হোৱা দেখা গৈছে৷ ভাৰতীয় জনতা পাৰ্টীত বহু লোকে শেহতীয়াকৈ যোগদান কৰিছে আৰু বহু লোকে যোগদান কৰিব বুলি প্ৰচাৰ হৈছে৷