নলবাৰীঃ নলবাৰী জিলাৰ খাতিকুছিত বড়িগোগ বনভাগ মহিলা ব্লক কংগ্ৰেছৰ উদ্যোগত শনিবাৰে এখন সভা অনুষ্ঠিত হৈ যায়। স্থনীয় কঠাল গুৰ বামুন টোলা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত কংগ্ৰেছ নেত্ৰী সবিতা কলিতাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাৰ আতঁ ধৰে ব্লক মহিলা কংগ্ৰেছৰ সম্পাদিকা আনোৱাৰা বেগমে।
সভাত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত ভূঞা, নলবাৰী জিলা কংগ্ৰেছৰ উপ-সভাপতি শৰৎ কলিতা, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ, ব্লক কংগ্ৰেছৰ সভাপতি ভূৱনেশ্বৰ কলিতা সহ কেইবাশতাধিক মহিলা উপস্থিত থাকে। সভাত নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰে কংগ্ৰেছ দলে মহিলা সকলক সন্মান দিব জানে বুলি কয়।