বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ চাৰিআলিৰ বীণাপানি নাট্য মন্দিৰ প্ৰাংগনত আজি কংগ্ৰেছে প্ৰৱঞ্চনা বিৰোধী দিৱস পালন কৰে। কংগ্ৰেছ নেতা কমল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই প্ৰবঞ্চনা বিৰোধী দিৱসত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন৷

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে দৈনিক প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, বিদেশী বহিস্কাৰ কৰাৰ পৰিৱর্তে হিন্দু বাংলাদেশীক সংস্থাপন কৰি খোজা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে। হিন্দী চিনেমা 'অন্ধা কানুন'ৰ উদ্ধৃতি দি ৰাণা গোস্ৱামীয়ে বিজেপি চৰকাৰক সমালোচনা কৰে।

মিছা প্ৰতিশ্ৰুতিৰে কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বিজেপি দল পূঁজিপতিৰ দল বুলি উল্লেখ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই আগন্তক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ পক্ষে মতদান কৰাৰ উপৰিও লোকসভা আৰু বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছৰ পক্ষত মতদান কৰিবলৈ ৰাইজক আহ্বান জনায়।

কংগ্ৰেছ পুনৰ সবল হব বুলিও ৰিপুণ বৰাই নিজৰ ভাষণত উল্লেখ কৰে। বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচি ভিত্তিহীন গোচৰত গ্ৰেপ্তাৰ কৰা বুলি কৈ এপিএচচিৰ কেলেংকাৰী আৰু  জলসিঞ্চন বিভাগৰ কেলেংকাৰীৰ উচিত তদন্ত কৰি অতিশীঘ্ৰে দোষীক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগে বুলি ৰিপুন বৰাই কয়। প্ৰবঞ্চনা বিৰোধী সভাত কংগ্ৰেছৰ ব্ৰজেন সন্দিকৈ, অপূৰ্ব ভট্টাচাৰ্য্য, ৰূপক শৰ্মা, বিশ্বনাথ, বিহালী আৰু গহপুৰৰ দলীয় বিষয়ববীয়া আৰু কৰ্মীসকলে অংশ গ্রহণ কৰে।