newsnextone.com | দুলীয়াজানঃ ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ টেঙাখাতত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ৰাজ্যৰ আন আন দল-সংগঠনৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷
শুকুৰবাৰে টেঙাখাট টাউনত ব্ল’ক কংগ্ৰেছৰ উদ্যোগত এটি সমদল উলিয়াই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ টেঙাখাট টাউনৰ পৰা টেঙাখাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে চৰকাৰক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷