Home ৰাজনীতি‘বেক ফুট’ত ৰিপুণ! কাৰ্যনিৰ্বাহকক লৈ তল-ওপৰ ৰাজীৱ ভৱন

‘বেক ফুট’ত ৰিপুণ! কাৰ্যনিৰ্বাহকক লৈ তল-ওপৰ ৰাজীৱ ভৱন

by News Desk
A+A-
Reset
rajib bhawan

গুৱাহাটীঃ বিধান সভা নিৰ্বাচনত মুখ থেকেছা খোৱাৰ পিছত অন্তহীন গৃহ কন্দলে খেদি ফুৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিক। দলটোৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে ক্ষমতা কুক্ষিগত কৰাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা। দলীয় নেতৃত্বৰ ক্ষমতাকেন্দ্ৰিক এনে অঁৰিয়া-অঁৰিয়ে তৃণমূল কৰ্মীৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

প্ৰদেশ কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰাক্তন সভাপতি অঞ্জন দত্তৰ মৃত্যুৰ পাছত তৰুণ গগৈৰ ঘনিষ্ঠ ৰিপুণ বৰাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে যদিও আজি পৰ্যন্ত পূৰ্ণাংগ কাৰ্যনিৰ্বাহক গঠন কৰিবলৈ সক্ষম হোৱা নাই। ৰিপুণ বৰাই দায়িত্ব গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত এখন কাৰ্যনিৰ্বাক সমিতি গঠন কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছিল। কিন্তু নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে উক্ত কাৰ্যনিৰ্বাহক সমিতিখন পুনৰ গঠন কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ওভতাই পঠিয়ায়। আজি পৰ্যন্ত সভাপতি ৰিপুণ বৰাই এখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক গঠন কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিলৈ অনুমোদনৰ বাবে পঠাবলৈ সাহস নকৰিলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0