newsnextone.com | বঢ়মপুৰঃ নগাঁও জিলাৰ পুৰণিগুদামত সোমবাৰে কংগ্ৰছে পথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বঢ়মপুৰ যুৱ কংগ্ৰেছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ লগতে বিভিন্ন গ্ৰাম্য পথ মেৰামতি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত তীব্ৰ যান-জোঁটৰ সৃষ্টি হয়।
প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি ৰাজ্য চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে।
উক্ত সময়তে গোলাঘাটৰ পৰা নগাঁৱৰ মাজেৰে গুৱাহাটী অভিমুখে আহি থকা অগপ সভাপতি তথা অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাৰ কনভয় আবদ্ধ হৈ পৰে। ফলত গাড়ীৰ ভিতৰত বহি থকা অতুল বৰাই গাড়ীৰ পৰা নামি আহিবলৈ বাধ্য হয়। গাড়ীৰ মাজে মাজে খোজকাঢ়ি আহি অতুল বৰাই প্ৰতিবাদস্থলিত উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সৈতে মুখামুখী হয়।