ডিজিটেল ডেস্কঃ গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে মুখ থেকেচা খালে শাসকীয় বিজেপিয়ে৷ ২০১৪ চনত বিজেপিয়ে বিজয় সাব্যস্ত কৰা পাঞ্জাৱৰ গুৰুদাসপুৰ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলে বিজয় সাব্যস্ত কৰে৷ অভিনেতা তথা বিজেপিৰ সাংসদ বিনোদ খান্নাৰ মৃত্যুৰ পাছৰে পৰা লোকসভা সমষ্টিটো খালি হৈ আছিল৷
কংগ্ৰেছ প্ৰাৰ্থী সুনীল জাকহাৰৰ হাতত বিজেপি প্ৰাৰ্থী চৰণ চালাৰিয়াই ১,৯০,০০০ ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰে৷ আনহাতে আম আদমী পাৰ্টিয়ে লাভ কৰে মাথো ২৩,৫৭৯ ভোট৷ পাঞ্জাৱ চৰকাৰৰ মন্ত্ৰী নৱজোৎ সিং সিদ্ধুয়ে দলৰ নেতা-কৰ্মীৰ সৈতে আনন্দ উলাহ প্ৰকাশ কৰি এয়া কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীৰ বাবে দীপাৱলীৰ উপহাৰ বুলি কয়৷ আমি তেওক দীপাৱলীৰ ধুনীয়া উপহাৰ দি পঠিয়াইছো৷