খেৰণিঃ বিৰোধী কংগ্ৰেছৰ ৰথী-মহাৰথীক লৈ কাৰ্বি পাহাৰত পৰিষদীয় সমষ্টিৰ বিভিন্ন স্থানত কংগ্ৰেছে ইখনৰ পাছত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা পাতি অহাৰ সমান্তৰালকৈ শাসক দল বিজেপিয়েও সমাগত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ফলত পাহাৰীয়া জিলাখনত নিৰ্বাচনী বতাহ উত্তপ্ত হৈ উঠিছে৷
আনহাতে কাৰ্বি আংলঙত বিজেপিত সৃষ্টি হোৱা বিসম্বাদৰ সুযোগ লৈ পাৰ্বত্য ভুমিত প্ৰৱেশ ঘটা অগপও নিৰ্বাচনী যুঁজৰ পৰা বিৰত থকা নাই৷ অগপৰ শক্তি আৰু ক্ষমতা জিলাখনত দিনকদিনে উত্থান ঘটিছে৷ আনহাতে, আজি পৰিষদখনৰ ৫ নম্বৰ ৰংখাং সমষ্টিৰ সাতগাঁও আৰু ৮ নং হামৰেণ সমষ্টিৰ ডংকামোকামৰ লাংচ’দত পৰিলক্ষিত বিজেপিৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়৷ হাজাৰ হাজাৰ বিজেপি নেতা কৰ্মী, সমৰ্থকৰ লগতে ২০ নং বৈঠালাংছ বিধানসভা সমষ্টিৰ বিধায়ক ডা° মানছিং ৰংপি, প্ৰাক্তন কাৰ্যবাহী সদস্য মংগলছিং তিমুং, পৰিষদীয় প্ৰাক্তন সদস্য হৰেনছিং বে উপস্থিত থকা সভাত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য তথা পৰিষদীয় ৬ নং বিথুং ৰেংথেমাৰ বিজেপিৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙে ভাষণত কংগ্ৰেছক কঠোৰভাৱে সমালোচনা কৰে।