ৰূপসীঃ কচুগাঁও বনাঞ্চল আৰু পৰ্বতঝোৰা বনাঞ্চলৰ মূল্যৱান গছ-গছনি সমূহ কাটি তহিলং কৰা সময়তে একাংশ ঠিকাদাৰে বনাঞ্চলৰপৰা অবাধে শাল গছ কাটি নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰাৰ ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে। বাশবাৰী ডিংডিঙা গড়কাপ্তনি পথত থকা বনাই নদীৰ উপৰত নিৰ্মীয়মান পকী দলংখনৰ নিৰ্মাণ কাৰ্যৰ নিবিদা লাভ কৰিছে কানহু চৌধুৰী নামৰ এজন ঠিকাদাৰে।
পকী দলংখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ৰেলিঙৰ কাঠ ঠিকাদাৰজনে সম্পূৰ্ণ অবৈধভাবে কাটি আনি নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিছে। কিন্তু নিৰ্মাণ কাৰ্যৰ নিচেই কাষত থকা বনবিভাগৰ ৰূপসী খণ্ড কাৰ্যালয়ৰ বন বিষয়া তথা বনকৰ্মীসকলে ৰহস্যজনকভাবে নিমাত হৈ থকা ঘটনাই অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।