newsnextone.com | ডিব্ৰুগড়ঃ চাকৰি নিয়মীয়াকৰণৰ দাবীত বিভিন্ন সময়ত ৰাজপথলৈ ওলাই অহাৰ পিছতোঁ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি আজিলৈ নিয়মীয়াকৰণ কৰা নহ’ল। ৮ বছৰ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাইস্কুল পৰ্যায়ত শিক্ষাদান কৰি থকা ঠিকাভিত্তিক শিক্ষকৰ জীৱনক লৈ হেতালি খেলিছে ৰাজ্যৰ শিক্ষা বিভাগে৷ এই অভিযোগ সময়ে সময়ে উত্থাপন কৰিছে আহিছে ২০১০ চনতে নিযুক্তি পায়ো অনিশ্চয়তাত ডুবি থকা ৬৫০৬ জন ঠিকাভিত্তিক শিক্ষকে। অনিশ্চয়তাত ভোগা ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী ৰাজ্যত পুনৰাই উত্থাপন হৈছে৷
তাৰ মাজতে সদৌ অসম মাধ্যমিক ঠিকাভিত্তিক শিক্ষক সন্থাৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাৰ জিলাৰ ঠিকাভিত্তিক শিক্ষকসকলে দেওবাৰে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে৷ সদৌ অসম মাধ্যমিক ঠিকাভিত্তিক শিক্ষক সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা দেওবাৰে অনুষ্ঠিত হয়। ডিব্ৰুগড় চহৰস্থিত বাণীকান্ত পেগু সোঁৱৰণি প্ৰেক্ষাগৃহত দেৱ কুমাৰ দিহিঙ্গীয়াৰ পৌৰোহিত্যত আৰু শিক্ষক বিতু গগৈয়ে আঁতধৰা জনাকীৰ্ণ সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।