newsnextone.com | নগাঁওঃ পুনৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ৰাজ্যৰ ৭ সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষক৷ শিক্ষাদানৰ নামত দিনৰ দিনটো ব্যস্ত থাকি কেইটামান টকা লাভ কৰা ঠিকাভিত্তিক শিক্ষকে পৰিয়াল চলাব নোৱাৰি হাহাকাৰ কৰিব লগীয়া হোৱাক পুনৰ চৰাকৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে৷
২০১০ চনৰ আগষ্টত ৰাজ্যখনৰ প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত মেধাৰ ভিত্তিত নিযুক্তি লাব কৰা প্ৰায় ৭ সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষকে ৰাজ্য চৰকাৰ চৰম অৱহেলাৰ বলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ যাৰ পৰিণতিত চাকৰিক লৈ এক অনিশ্চিত ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱাত চৰম হতাশাত ভূগিবলগীয়া হৈছে ঠিকাভিত্তিক শিক্ষকে৷