কোকৰাঝাৰঃ সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ নেতা সকলে নিজৰ প্ৰকৃত পৰিচয় সুপ্ত ৰাখি নিজকে কোচ ৰাজবংশী বুলি পৰিচয় দি কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰনৰ দাবী উত্থাপন কৰা কাৰ্য প্ৰকৃততে দালালিৰ হে নামান্তৰ৷ এই বিস্ফোৰক অভিযোগ কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই ৷
আজি এক প্ৰেছ বিবৃতিযোগে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু সম্পাদক জয়ন্ত বড়োই উক্ত অভিযোগ উত্থাপন কৰি আক্ৰাছুৰ নেতা ক্ৰমে- বিশ্বজিৎ ৰায়,হিতেশ্বৰ বৰ্মন আৰু গোকুল বৰ্মনক তীব্ৰ সমালোচনা কৰি কোচ ৰাজবংশী নামেৰে কোনো জাতি নাই বুলি মন্তব্য কৰে।