বোকাজানঃ ১৪৪৯ চনত জন্ম হৈছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ৷ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শংকৰদেৱৰ নামটো শুনিলেই মুৰ দোঁ খাই অসমীয়া জাতিৰ৷ শ্ৰীমন্ত শংকৰদেৱ এগৰাকী ধৰ্ম প্ৰচাৰকে নহয় অভিনেতা, কবি, চিত্ৰকৰো আছিল৷ সমাজ সংগঠক, গায়ক হিচাপেও খ্যাতি আছে শংকৰদেৱৰ৷ অসমীয়াৰ হিয়াৰ আমঠু শংকৰদেৱ৷

অসমীয়াৰ আবেগ, অনূভূতি শংকৰদেৱ৷ শংকৰদেৱে বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰি সাহিত্য, সংস্কৃতিৰ ভড়াল তাহানিতে চহকী কৰি গৈছে৷ সাংস্কৃতিক প্ৰমূল্য বোধেৰে একশৰণ নাম ধৰ্ম প্ৰচাৰেৰে অসমৰ সমাজ-জীৱনক এক কৰি ঐক্য-সংহতি ৰক্ষা কৰিছিল।

অসম তথা ভাৰতৰ সাংস্কৃতিক দিশত বিস্ময়কৰ অৱদান আগবঢ়াই থৈ গৈছে অৱতাৰী পুৰুষ শংকৰদেৱে৷ ৰাজ্য খনৰ প্ৰতিটো জাতি-জনগোষ্ঠী, বিভিন্ন বৰ্ন-ধৰ্মৰ লোকে আজিও শংকৰদেৱৰ আদৰ্শৰে আগবাঢ়ি জীৱন চলাই গৈছে৷ কিন্তু তাৰ মাজতে একাংশ লোকে শ্ৰীমন্ত শংকৰদেৱকলৈ বিতৰ্কিত মন্তব্য কৰিবলৈ মৰসাহ কৰে৷

ইতিমধ্যে কেইবাগৰাকী লোকে শ্ৰীমন্ত শংকৰদেৱক লৈ অহেতুক বিতৰ্ক কৰি আহিছে ছচিয়েল মিডিয়াত৷ গেৰুৱা ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী তথা গোড়া হিন্দুত্ববাদী আদৰ্শৰ দল বিজেপিয়ে ৰাজ্যৰ শাসন ভাৰ হাতত লোৱাৰ পাছৰে পৰা একাংশ লোকে অসমৰ খিলঞ্জীয়া জনসাধাৰণক শাৰিৰীক, মানসিক, সামাজিক তথা ধাৰ্মিক আদি দিশত পৰিকল্পিত ভাবে আক্ৰমণ কৰি আহিছে৷

জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গঠন হোৱাৰ পৰবৰ্তী সময়ত চিলাপথাৰ আৰু নগাঁৱত খিলঞ্জীয়া অসমীয়াৰ ওপৰত সংঘটিত হয় আক্ৰমণ৷

অসমত ২২ খনকৈ মহাবিদ্যালয় দীনদয়াল উপাধ্যায়ৰ নামত খোলা আদি বিভিন্ন বিষয়ক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে ছচিয়েল মিডিয়াত শ্ৰীমন্ত শংকৰদেৱক লৈ আপত্তিজনক মন্তব্য কৰাত পুনৰ ৰাজ্য উত্তাল হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে৷

সমাজত বিভেদ সৃষ্টি কৰিবলৈ অহৰহ অপচেষ্টা চলাই থকা ফেচবুকৰ 'জনমত Vox populi' নামৰ গ্ৰুপটোত জগতগুৰুক পাগল আখ্যাদি দি আপডেট কৰাত ক্ৰমান্বয়ে ক্ষোভিত হৈ পৰিছে ৰাইজ৷

দেৱজিত ৰয়ৰ নামত থকা ফেচবুকৰ একাউন্টৰ যোগে 'জনমত Vox populi' নামৰ গ্ৰুপত শংকৰদেৱ সন্দৰ্ভত পোষ্ট কৰি অসমীয়া জাতিৰ জনক, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অশালীন মন্তব্য কৰে৷

কেৱল গুৰুজনাক অৱমাননা কৰাই নহয় সমগ্ৰ অসমীয়া জাতিক অপমান কৰে দেৱজিত ৰয়ৰ নামত থকা ফেচবুক একাউন্টটোৱে৷ দেৱজিত ৰয়ে গুৰুজনাক এজন মুৰ্খ ধৰ্মগুৰু বুলি অভিহিত কৰাই নহয়, গুৰুজনাক পাগলৰ লগত তুলনা কৰি তেওঁক অসমীয়া নাৰীসকলৰ প্ৰতি আসক্তি থকা বুলিও বিৰূপ মন্তব্য কৰে৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰুদ্ধে দেৱজিত ৰয়ৰ নামত থকা ফেচবুক একাউন্টটোৱে ফেচবুকৰ 'জনমত Vox populi' নামৰ গ্ৰুপটোৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ ৰাইজে দাবী জনাইছে৷

গ্ৰুপটোৰ দ্বাৰা অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ কুটিল ষড়যন্ত্ৰ কৰাৰ বাবে দেৱজিত ৰয়ৰ নামৰ ফেচবুক একাউন্টটোৰ বিৰুদ্ধে আজি বোকাজানৰ ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুষ্ঠান বোকাজান আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিয়ে গোচৰ ৰুজু কৰে৷

বোকাজান আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ সভাপতি ভূপেন মাধৱ শইকীয়া, যুটীয়া সম্পাদক মন্টু নাথ আৰু প্ৰাণদ্বীপ চেতিয়াই বোকাজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

মহাপুৰুষ জনাক লৈ কৰা এনে বিৰূপ মন্তব্যই অসমত সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ লগতে অসমীয়া জাতিৰ ধৰ্মীয় বিশ্বাস তথা আৱেগত আঘাত হনা বুলি অভিযোগ কৰে বোকাজানবাসীয়ে৷ এই ঘটনাক সহজভাবে লব পৰা নাই বুলি বোকাজান আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ যুটীয়া সম্পাদক মন্টু নাথ আৰু প্ৰাণদ্বীপ চেতিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

আনহাতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক অপমান সহ্য কৰা নহব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শ্ৰীমন্ত শংকৰদেৱ যুৱ-মঞ্চৰ সাধাৰণ সম্পাদক অপূৰ্ব অধিকাৰীয়ে। দিছপুৰ আৰক্ষী থানাত আজি দেৱজিত ৰয়ৰ নামৰ ফেচবুক একাউন্টটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি শ্ৰীমন্ত শংকৰদেৱ যুৱ-মঞ্চৰ সম্পাদকগৰাকীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

ফেচবুকত গুৰুজনাক অপমান কৰি মন্তব্য দিয়া এই গৰাকী পাষণ্ডক অনতি পলমে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক। মুখ্যমন্ত্ৰী মহোদয় আপুনি ৰাজ্যৰ গৃহ বিভাগৰ মন্ত্ৰী হিচাপে বিষয়টো অতি গুৰুত্ব সহকাৰে লওক৷ অন্যথাই যুৱক গৰাকীৰ এনেকুৱা ভণ্ডামী কোনো কাৰণত মানি লোৱা নহব বুলি স্পষ্ট কৰে অধিকাৰীয়ে।

বাৰে বাৰে অসমীয়া জাতিৰ পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অপমান কৰা কাৰ্যক বৃহত্তৰ অসমীয়া সমাজে কোনো কাৰণত মানি নলও। পৰৱৰ্তী সময়ত যিকোনো পৰিস্থিতিৰ সৃষ্টি হ’লে আমাক জগৰীয়া নকৰিব বুলি স্পষ্ট কৰে শ্ৰীমন্ত শংকৰদেৱ যুৱ-মঞ্চই।

প্ৰশাসনে ফেচবুক একাউন্টটোৰ বিৰুদ্ধে ব্যৱস্থা নলয় তেন্তে যিকোনো পৰিস্থিতিৰ মুখামুখি হবলৈ চৰকাৰক সাজু থকাৰো সকিয়নি প্ৰদান কৰে সংগঠনটোৱে৷

United Legal Fraternity Council Of Assam নামৰ সংগঠনটোৱে দেওবাৰে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি দেৱজিত ৰয় নামৰ ফেচবুক একাউন্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ অসমৰ সামাজিক, সংস্কৃতিৰ কাণ্ডাৰীৰ বিৰুদ্ধে এনে অশালীন মন্তব্য কৰা কাৰ্যই মানুহৰ মনত আঘাত হনা বুলি কৈ আৰক্ষীক তদন্ত কৰাৰ দাবী জনায়৷ 

শেহতীয়াকৈ একাংশ লোকে ৰাজ্য খনত হিন্দু আৰু মুছলমান তথা ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰাৰ প্ৰয়াস কৰি থকা পৰিলক্ষিত হৈছে৷ ৰাজ্য খনৰ ৰাজনীতি এতিয়া কেৱল হিন্দু মুছলমানক লৈ৷

ৰাজনীতি জাতী, বৰ্ণ, ধৰ্ম মন্দিৰ মছজিদক লৈ৷ কেইজনমানে এতিয়া হিন্দুৰ কথা কয় আৰু কেইজনমানে কয় মুছলমানৰ কথা৷ ৰাজ্যত যেন এতিয়া ৰাজনীতি নহয় হিন্দু-মুছলমানৰ তুষ্টিকৰণ হে আৰম্ভ হৈছে৷ একাংশ লোকে প্ৰচাৰ চলাই হিন্দুৰ হৈ৷ আন একাংশই প্ৰচাৰ চলাই মুছলমানৰ হৈ৷

ছ'চিয়েল মিডিয়াত একো একোটা গোটে পুৱাৰ পৰা গধূলিলৈ কেৱল ধৰ্মৰ কথা কৈ পাৰ কৰে৷  হোৱাটছএপত ক্ৰিয়েট কৰি লোৱা একো একোটা গ্ৰুপত অপপ্ৰচাৰ কৰাৰ লগতে ফেচবুকুত সজাই লোৱা গ্ৰুপ আৰু পেজত তেওঁলোকে একো একোটা ৰাজনৈতিক দলৰ আদৰ্শৰ হৈ ধৰ্ম গোড়ামিৰ প্ৰচাৰ চলায়৷

ইটো ধৰ্মৰ লোকে সিটো ধৰ্মক হেয় প্ৰতিপন্ন কৰি আপডেট দিয়াৰ লগতে তুচ্ছ-তাচ্ছিল্য আৰম্ভ কৰে৷ নিজৰ ধৰ্মটোক উচ্চ আৰু শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ নাভূত-নাশ্ৰুত যুক্তি দিয়ে৷ কোনো ৰাজনৈতিক দলৰ হৈ ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা এই সকল লোকৰ বিৰোধিতা কৰিলে মা-ভনীক ধৰি অশ্লীল গালি-গালাজ কৰাৰ লগতে মৃত্যুৰ ভাবুকি পৰ্যন্ত প্ৰদান কৰে৷

হিন্দু আৰু মুছলমানৰ নামত এতিয়া ছ'চিয়েল মিডিয়াত চলিছে ব্যাপক অপ-প্ৰচাৰ চলি থকাৰ মাজতে শংকৰদেৱক লৈ বিৰূপ মন্তব্য কৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷