গুৱাহাটী/গোৱালপাৰাঃ দিল্লীৰ নিজামুদ্দিনৰ তবলীগ জামাতত ভাগ লৈ আহি অসমত ভৰি থৈ এদিন পিছতে কৰ’নাৰ টেষ্টৰ বাবে নিজেই চিকিৎসালয়লৈ গৈছিল খবিৰ আহেমেদে। তেওঁৰ লগত তবলীগলৈ যোৱা আন ৬জন লোকেও নিজেই গৈছিল চিকিৎসালয়লৈ। তাৰ পিছতে তেওঁলোকক কোৱাৰেণ্টাইনত থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়। NNOৰ আগত ফোনযোগে এইদৰে কয় কৰ’না পজিটিভ ধৰা পৰা খবিৰে।
গোৱালপাৰা নগৰৰ ১৪ নং ৱাৰ্ডৰ কিচমতপুৰৰ বাসিন্দা খবিৰ আহমেদ। ২০ মাৰ্চৰ পুৱাৰ ভাগত বাকী ৬জনৰ সৈতে একেলগে গোৱালপাৰা আহি পাইছিল তেওঁ। ‘সেইদিনা আছিল শুকুৰবাৰ। আমি গোৱালপাৰা পায়েই প্ৰথমে মাৰ্কাজলৈ যাও। ট্ৰেইনত জাৰ্ণি কৰি অহা বাবে আমি তাতে ভালকৈ গা-পা ধুই লও। গা ধুই উঠি শুকুৰবৰীয়া জুম্মাৰ নামাজ পঢ়িছো। খোৱ-লোৱা কৰি আমি আমাৰ গাঁৱৰ মছজিদলৈ যাও।’-খবিৰে কয়।