Printer-friendly version

অসমত বৰ্তমানলৈ কোনো লোক কৰ’নাত আক্ৰান্ত হোৱা নাই যদিও দেশত প্ৰতিনিয়ত বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ লগতে মৃতকৰ সংখ্যা। সমগ্ৰ দেশত ২১ দিনীয়া লকডাউল ঘোষণা কৰাৰ পাছতে চৰকাৰে গ্ৰহণ কৰিছে অন্য এক উল্লেখযোগ্য পদক্ষেপ। এই পদক্ষেপ অনুযায়ী এতিয়াৰে পৰা ২২ টা প্ৰাইভেট লেবৰেটৰীয়েও কৰ’না টেষ্ট কৰিব পাৰিব। 

এই ২২ লেবৰেটৰীৰ সমগ্ৰ দেশতে আছে ১৫,৫০০ নমুনা সংগ্ৰহ কেন্দ্ৰ। ইয়াৰ পূৰ্বে চৰকাৰে ১১৮ টা চৰকাৰী লেবৰেটৰীত কৰ’নাৰ টেষ্টৰ ব্যৱস্থা কৰিছিল। ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ আই চি এম আৰৰ তথ্য মতে যোৱা পাচঁটা দিনত ভাৰতত চৰকাৰী লেবৰেটৰীত ১৩৩৮ টা নমুনা পৰীক্ষা কৰা হৈছে।

প্ৰাইভেট লেবত ক'ৰণা টেষ্টৰ বাবদ আপুনি কিমান ধন ভৰিব লাগিব?

প্ৰাইভেট লেবত কৰ’না টেষ্টৰ নিৰিখ নিৰ্ধাৰণ কৰি দিছ চৰকাৰে।  এই নিৰিখতকৈ অধিক ধন আদায় ল’লে উক্ত প্ৰাইভেট লেবৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিৰিখ অনুযায়ী প্ৰাইভেট লেবত যদিহে আপুনি এই টেষ্ট কৰাব বিচাৰে তেন্তে ইয়াৰ বাবে আপুনি দিবলগীয়া ধনৰ পৰিমাণ হৈছে ৪৫০০টকা। ইয়াতকৈ অধিক ধন আদায় নলবলৈ প্ৰাইভেট লেবসমূহ স্পষ্টকৈ সকীয়াই দিছে চৰকাৰে। 

কেনেকৈ কৰা হয় এই পৰীক্ষা?

কোনো ব্যক্তিয়ে কৰ’নাত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰিলে জ্বৰ-ছৰ্দি, ডিঙিৰ ভিতৰত খজুৱতি, উশাহ নিশাহত অসুবিধাৰ সন্মুখীন হ’লে অনুমোদিত প্ৰাইভেট লেবসমূহৰ যিকোনো এটাত ৪৫০০ টকা খৰছ কৰি কৰ’না টেষ্ট কৰি নিশ্চিত হ’ব পাৰে। আই চি এম আৰে সন্দেহযুক্ত লোকৰ নমুনা ঘৰৰ পৰাই সংগ্ৰহ কৰিবলৈকো নিৰ্দেশ দিছে। নমুনা সংগ্ৰহৰ সময়ত গ্ৰহণ কৰিবলগীয়া সাৱধানতাসমূহো লেব কৰ্তৃপক্ষক জনাইছে চৰকাৰী সংস্থাটোৱে। 

অসমত কৰ’না টেষ্টক লৈ বহুতৰ মাজতে উৰাবাতৰি বিয়পি পৰা দেখা গৈছে। উৰাবাতৰিত প্ৰচাৰ হৈছে যে কৰ’নাৰ টেষ্ট কৰোতে বহুত কষ্ট পোৱা যায়। সেয়ে বহুতেই এই টেষ্ট কৰাবলৈ অমান্তি হোৱাৰ লগতে একাংশই পলাবলৈকো  চেষ্টা কৰিছে। কিন্তু প্ৰকৃত সত্য এয়ে যে এই টেষ্টৰ নমুনা সংগ্ৰহ কৰোতে কোনো কষ্ট পোৱা নাযায়। আইচিএমআৰে জনোৱা মতে কৰ’না টেষ্টৰ বাবে ডিঙি আৰু নাকৰ পৰা নমুনা সংগ্ৰহ কৰা হয়। 

প্ৰাইভেট লেবত টেষ্টৰ প্ৰক্ৰিয়া

মুঠ ২২ টা প্ৰাইভেট লেবক কৰ’না টেষ্টৰ বাবে অনুমোদন জনাইছে যদিও অসমত এই ২২ টা লেবৰ ভিতৰত ডাঃ লাল পেথ লেবৰহে নমুনা সংগ্ৰহ কেন্দ্ৰ গুৱাহাটীকে ধৰি কেবাখনো নগৰত আছে। লাল পেথ লেবৰ সূত্ৰই জনোৱা মতে যদিহে কোনো লোকৰ কৰ’না হোৱা বুলি সন্দেহ হৈছে তেন্তে লেবলৈ ফোন কৰিব লাগিব আৰু কৰ’না টেষ্টৰ কথা জনাব লাগিব। লেবৰ বেৱছাইটৰ জৰিয়তেও টেষ্ট বুক কৰাব পাৰিব। ইয়াৰ বাবে আধাৰ কাৰ্ডৰ কপি বা আন কোনো স্বীকৃতিপ্ৰাপ্ত নথি আৰু ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন দেখুৱাব লাগিব। কৰ’না টেষ্টৰ বাবে পেথ লেবক আদায় দিব লাগিব ৪৫০০ টকা। লেবৰ তৰফৰ পৰা জনোৱা মতে লেবলৈ পোনপটীয়াকৈ গৈ এই পৰীক্ষা কৰাব পৰা নাযাব। টেষ্টৰ ৰিপ’ৰ্ট ৪৮ ঘণ্টাৰ ভিতৰত লাভ কৰিব। ৰিপ’ৰ্ট ৱেবছাইটৰ পৰা ডাউনলোড কৰাৰো সুন্দৰ ব্যৱস্থা আছে।

চৰকাৰী লেবত টেষ্ট বিনামূলীয়া 

ICMRৰ তৰফৰ পৰা কৰ’না হোৱা বুলি সন্দেহ হ’লে মোবাইলযোগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ কোৱা হৈছে। যদিহে চিকিৎসকে পৰীক্ষা কৰাবলৈ কয় তেন্তে ৰাজ্যসমূহৰ স্বাস্থ্য বিভাগে দিয়া হেল্পলাইন নম্বৰ বা মূল হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছত আইচিএমআৰে ঘৰৰ পৰা নমুনা সংগ্ৰহ কৰিব। চৰকাৰী লেবত কৰা এই টেষ্ট সম্পূৰ্ণ বিনামূলীয়া। 

কৰ’না হেল্পলাইন নম্বৰ

কৰ’না সম্পৰ্কীয় অধিক তথ্য ৰাইজক জনাবৰ বাবে ভাৰতৰ স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে মুকলি কৰিছে এটি হেল্পলাইন নম্বৰ। কোনো লোকে নিজেও কৰ’নাৰ লক্ষণসমূহ নিজৰ দেহত হোৱা বুলি অনুভৱ কৰিলে বা চুবুৰীয়া কোনো লোকৰ দেহত এইসমূহ লক্ষণ  দেখিলে +91-11-23978046 নম্বৰত যোগাযোগ কৰিব পাৰে।  ইয়াৰ উপৰিও ncov2019@gmail.com ই-মেইলযোগে যোগাযোগ কৰিব পাৰে। অসমৰ স্বাস্থ্য বিভাগেও মুকলি কৰিছে এটি হেল্পলাইন নম্বৰ। এই নম্বৰটো হৈছে 69133-47770। কৰ’নাক লৈ কোনো সন্দেহ হ’লে বা অধিক তথ্যৰ বাবে অসমৰ লোকসকলে ২৪ ঘণ্টাই খোলা থকা এই হেল্পনাইন নম্বৰত যোগাযোগ কৰিব পাৰে।