নতুন দিল্লীঃ দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ প্ৰসিদ্ধ নিজামুদ্দিন দৰগাহৰ সমীপত থকা বাংলেৱালা মছজিদৰ মাৰ্কাজৰ পৰা ১৫০০ ৰো অধিক লোকক উদ্ধাৰ কৰা হোৱাৰ পিছত এইবাৰ ৰাজধানী চহৰখনৰ এটা গুৰুদ্বাৰৰ পৰাও উদ্ধাৰ কৰা হৈছে শতাধিকক। সংবাদ প্ৰতিষ্ঠান পিটিআইৰ বাতৰি অনুযায়ী দিল্লীৰ মজনু অঞ্চলৰ টিলা গুৰুদ্বাৰৰ পৰা বুধবাৰে উদ্ধাৰ কৰা হয় এইসকল লোকক।
দিল্লী আৰক্ষীৰ সূত্ৰই জনোৱা মতে গুৰুদ্বাৰটোত স্বাস্থ্য বিভাগৰ সহযোগত অভিযান চলাই অতিকমেও ২০০ লোকক উদ্ধাৰ কৰা হৈছে। এইসকল লোকৰ একাংশক স্বাস্থ্য পৰীক্ষাৰ অন্তত নেহৰু বিহাৰ অঞ্চলত বিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে।