গুৱাহাটীঃ বেজৰ নাকতে খৰ! মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কঠোৰ দুৰ্নীতিবিৰোধী স্থিতিলৈ সঁহাৰি জনাই অসম আৰক্ষীৰ বিভিন্ন শাখাই বহু কেইটা বিয়াগোম কেলেংকাৰিৰ একাংশ নায়কক জালত পেলোৱাৰ সময়তে কে’বাজনো আৰক্ষী বিষয়া দুৰ্নীতি-অনিয়মৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।
ইতিমধ্যে কে’বাজনো আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোপন তদন্ত আৰম্ভ হোৱা বুলি এক সূত্ৰই সদৰী কৰিছে। সূত্ৰটোৱে জনোৱা মতে, স্বয়ং মুখ্যমন্ত্ৰী সোণোৱালৰ সন্মতিত একাংশ আৰক্ষী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি অনিয়মৰ অভিযোগৰ তদন্ত আৰম্ভ হৈছে।