newsnextone.com | মঙলদৈঃ ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰি বিভাগত এতিয়া চৰম অৰাজকতা। বিভাগটোৰ জৰিয়তে নিম্নমানৰ কাম কৰি ঠিকাদাৰে ব্যাপক লুন্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ মঙলদৈৰ পিপিৰাদোকান বৰ নগাঁও গাওঁবাসীৰ। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছতা আৰু শৌচালয় নিৰ্মাণ কৰাত গুৰুত্ব দিছে যদিও বিয়াগোম চৰকাৰী বিভাগটোৰ লগতে ঠিকাদাৰে কৰা কামৰ নমুনাই প্ৰমাণ কৰিছে শৌচাগাৰ নিৰ্মাণত হোৱা বিসংগতিৰ কথা। 

দৰিদ্ৰ পৰিয়ালৰ বাৱে অহা শৌচাগাৰ নিৰ্মাণৰ পিছতেই গৃহটোৰ সা-সামগ্ৰী অতি নিম্নমানৰ হোৱা হেতুকে ঘৰটোৰ বেৰখন হালি যোৱাৰ পিছত বেৰখন বাগৰি নপৰিবলৈ বাঁহেৰে ধৰি ৰখাৰ চেষ্টা এই দৰিদ্ৰ পৰিয়াল টিৰ গৃহত। 

ঠিকাদাৰক বাদ কৰি  বিয়াগোম জনস্বাস্হ্য কাৰিকৰী বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে কাম সমুহ চোৱা চিতা নকৰাৰ বাৱে আচনি খনে সুফল লাভ কৰা নাই বুলি ভিন্ন মহলত চৰ্চিত হৈছে।