ডিজিটেল ৰিপ’ৰ্টঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কিছুবছৰ আগেয়ে স্থাপন কৰা এডুকেশ্যনেল মাল্টিমিডিয়া ৰিচাৰ্ছ চেণ্টাৰ চমুকৈ ই এম আৰ চিত হোৱা কেতবোৰ অনিয়মৰ তদন্ত কৰিবলৈ বিশ্ববিদ্যালয়খনত কালিয়েই উপস্থিত হয়হি অনুদান আয়োগৰ কেন্দ্ৰীয় তদন্তকাৰী দল।
কালি আৰু আজি তদন্তকাৰী দলটোৱে বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন উপাচাৰ্য্য তথা বৰ্তমানৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকা, সেই সময়ৰ কেন্দ্ৰটোৰ সঞ্চালক নিৰোদ বৰুৱাসহ কেইবাগৰাকীকো জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।