বঢ়মপুৰঃ নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপহী উন্নয়ণ খণ্ডৰ বিডিঅ’ গদাধৰ কলিতাৰ বিৰুদ্ধে এগৰাকী বিজেপি নেতাই গোচৰ ৰুজু কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই এইবাৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ বিষয়া উপস্থিত হোৱাত পুনৰ চাঞ্চল্যৰ সৃষ্টি হয়৷
নগাঁও জিলাৰ ৰূপহীহাটৰ গেৰেকী পঞ্চায়তত সংঘটিত MGNREGA-ৰ ব্যাপক দুৰ্নীতিৰ অনুসন্ধানৰ বাবে দুই বিষয়া উপস্থিত হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয়৷ গেৰেকী পঞ্চায়তত সংঘটিত ব্যাপক দুৰ্নীতিৰ তদন্ত কৰাৰ বাবে সোমবাৰে পঞ্চায়তখনত উপস্থিত হয় মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দুই বিষয়া৷