newsnextone.com | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনত থকা ছুৱাপাতা চতুৰ্থ খণ্ড গাঁৱৰ শ্বেখপাৰা ছুৱাপাতা জনকল্যাণ প্ৰাথমিক বিদ্যালয় খনৰ প্ৰত্যেক আচঁনিত দুৰ্নীতিত লিপ্ত থকা প্ৰধান শিক্ষক আবুল হোসেনৰ বিৰুদ্ধে পুনৰ এবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। 

ৰাইজৰ অভিযোগ অনুসৰি, বিদ্যালয়খনৰ নামত বান্পাৰ এক বিঘা মাটি নামজাৰী থকাৰ ফলত চাৰি ভাগৰ এভাগত বিদ্যালয়ৰ গৃহ নিৰ্মাণ কৰি প্ৰধান শিক্ষকগৰাকীয়ে বাকী ভূমিত খণ্ড বিষয়াৰ লগত হলি-গলি কৰি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে। ৰাইজে কৰা অভিযোগ অনুসৰি, দুৰ্নীতি পৰায়ণ প্ৰধান শিক্ষক আবুল হোসেনে বিদ্যালয়ৰ নামত নামজাৰী হৈ থকা ভূমি খিনি খেতি-ভূমি হিচাপে ব্যৱহাৰ কৰি আহিছে। 

ইয়াৰ উপৰিও বিদ্যালয়খনৰ প্ৰধান শিক্ষক আবুল হোসেনে নিজৰ খেয়াল খুচি মতে বিদ্যালয়খনৰ ভূমিত পুখুৰী সদৃশ গাতৰ সৃষ্টি কৰি নিজৰ ঘৰৰ ভেটি পুতি আহিছে বুলিও অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আৰু স্থানীয় ৰাইজে। ইয়াৰ ভিত্তিতেই বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আৰু ৰাইজে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে ৫ আগষ্টত বিলাসীপাৰা আৰক্ষী থানাত এক অভিযোগ দাখিল কৰে। 

আনহাতে ৰাইজ আৰু বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে দুৰ্নীতি পৰায়ণ প্ৰধান শিক্ষক আবুল হোসেনৰ দুৰ্নীতি ফাদিল কৰি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে এই পৰ্যন্ত দুৰ্নীতিগ্ৰস্থ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ ফলত আৰক্ষীৰ ভূমিকাক লৈ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।