newsnextone.com | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনত থকা ছুৱাপাতা চতুৰ্থ খণ্ড গাঁৱৰ শ্বেখপাৰা ছুৱাপাতা জনকল্যাণ প্ৰাথমিক বিদ্যালয় খনৰ প্ৰত্যেক আচঁনিত দুৰ্নীতিত লিপ্ত থকা প্ৰধান শিক্ষক আবুল হোসেনৰ বিৰুদ্ধে পুনৰ এবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।
ৰাইজৰ অভিযোগ অনুসৰি, বিদ্যালয়খনৰ নামত বান্পাৰ এক বিঘা মাটি নামজাৰী থকাৰ ফলত চাৰি ভাগৰ এভাগত বিদ্যালয়ৰ গৃহ নিৰ্মাণ কৰি প্ৰধান শিক্ষকগৰাকীয়ে বাকী ভূমিত খণ্ড বিষয়াৰ লগত হলি-গলি কৰি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে। ৰাইজে কৰা অভিযোগ অনুসৰি, দুৰ্নীতি পৰায়ণ প্ৰধান শিক্ষক আবুল হোসেনে বিদ্যালয়ৰ নামত নামজাৰী হৈ থকা ভূমি খিনি খেতি-ভূমি হিচাপে ব্যৱহাৰ কৰি আহিছে।