নগাঁও টাউনঃ কামত গাফিলতি আৰু দুৰ্নীতিৰ বিৰুদ্ধে সদা সৰৱ বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিতে এতিয়া আৰম্ভ হৈছে গাফিলতি আৰু দুৰ্নীতিৰাজ৷ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ডিমৌ-ৰাইদংগীয়া পথ সংযোগী সোনাই নৈৰ ওপৰৰ এখন দলং৷ প্ৰায় সাত বছৰৰ প্ৰতীক্ষাৰ অন্তত সোনাই নৈৰ দুয়ো পাৰৰ ৰাইজৰ যাতায়তৰ বাবে অলপতে মুকলি হোৱা দলং খনক লৈ এতিয়া নৈৰ দুয়েপাৰৰ ৰাইজৰ মনত সৃষ্টি হৈছে প্ৰচণ্ড ক্ষোভ৷
দলঙৰ উত্তৰ পাৰৰ এপ্ৰোচৰ একাংশ ভাঙি প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত এতিয়া সোনাই নৈৰ দুয়োপাৰৰ ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে৷ প্ৰায় আঢ়ৈ কোটি টকা ব্যয়ৰে নিৰ্মান কৰা এই দলঙখন বৰ্তমান অস্তিত্বৰ সংকটত৷ সমষ্টিটোৰ বিধায়িকা আঙুৰলতা ডেকাৰ দুৰ্নীতি আৰু গাফিলতিৰ বিৰুদ্ধাচৰণক আওকান কৰি একাংশ ঠিকাদাৰে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগত গোপন মিতিৰালিৰে অব্যাহত ৰাখিছে লুন্ঠনৰাজ।