Home ৰাজ্যপানীৰ নামত কেলেংকাৰী ধিং সংমণ্ডলত

পানীৰ নামত কেলেংকাৰী ধিং সংমণ্ডলত

by News Desk
79 views
A+A-
Reset

ধিংঃ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগ সমূহৰ ভিতৰত অন্য এক গুৰুত্বপূৰ্ণ বিভাগ হ’ল ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ। জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগান ধৰাটোৱেই এই বিভাগটোৰ মূল লক্ষ্য আৰু উদ্দেশ্যে যদিও জনস্বাস্থ্য কাৰিকৰী বিভাগ ধিং সংমণ্ডলত ইয়াৰ বিপৰীত ছবিখন হে দেখা পোৱা গৈছে। ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগত এতিয়া এছ ডি অ ৰাজীৱ বৰাৰ পৰ্বতসম দুৰ্নীতিৰ বাবেই স্তব্ধ হৈ পৰিছে বিভাগটোৰ কাম কাজ। মেৰামতিৰ অভাৱত বিকল হৈ পৰিছে এতিয়া সংমণ্ডলটোৰ বহু গ্ৰাম্য পানী যোগান আঁচনি৷ অঞ্চলৰ জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগানলৈ পিঠি দি কেৱল জালিয়াতিৰে ধন লুণ্ঠণ কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে। কেৱল সেয়াই নহয়, ৰাজীৱ বৰাৰ পৰ্বতসম দুৰ্নীতিৰ কথা এতিয়া সকলোৰে মুখে-মুখে।

উল্লেখ্য যে, জনস্বাস্থ্য কাৰিকৰি বিভাগ ধিং সংমণ্ডলৰ বিগত সময়ছোৱাত জনসাধাৰণক পানী যোগানৰ নামত সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম। শেহতীয়াকৈ বিভাগটোৰ সহকাৰী কাৰ্যবাহী অভিযন্তা (এছ ডি অ) ৰাজীৱ বৰাই ধিঙত পানী যোগানৰ নামত লাখ-লাখ টকা লুণ্ঠণ কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি এছ ডি অ ৰাজীৱ বৰাই একাংশ ঠিকাদাৰক যিকোনো গ্ৰাম্য পানী যোগান আঁচনিত মেৰামতিৰ কাম দি যোৱা প্ৰায় দুই বছৰ ধৰি কাৰ্যবাহী অভিযন্তা চামচুদ জামান চৌধুৰীৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি লাখ লাখ টকা আত্মসাৎ কৰি আহিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0