কামপুৰঃ নগাওঁ জিলাৰ কঠিয়াতলী সমবায় সমিতিত সংঘটিত হৈছে ব্যাপক বিত্তীয় খেলিমেলি। এই অভিযোগ উত্থাপন কৰে সমবায়খনৰ অন্তৰ্গত স্থানীয় ৰাইজে৷ সমবায়খনৰ পৰা অপসাৰিত সম্পাদক লিয়াকত আলিৰ বিৰুদ্ধে সমবায়খনৰ ধন আত্মসাতৰ লগতে বিভিন্ন খেলিমেলি কৰাৰ অভিযোগ উঠিছে৷
জানিব পৰা মতে, কঠীয়াতলী সমবায় সমিতিৰ সম্পাদক লিয়াকত আলিয়ে ব্যাপক অনিয়ম সংঘটিত কৰিছে সমবায় খনত। সম্পাদক জনে ২০১৫-২০১৬ বৰ্ষত কঠিয়াতলী সমবায় সমিতি খনৰ চৰকাৰী হিচাপ মাত্ৰ ৫৪৫.১০ টকাহে বেংকত জমা দেখুৱাই বাকী টকাৰ কোনো তথ্য উল্লেখ কৰা নাই।