ডিব্ৰুগড়ঃ কংগ্ৰেছ চৰকাৰৰ দিনত জনসংযোগ বিভাগৰ একাংশ বিষয় কৰ্মচাৰীয়ে যে বিজ্ঞাপনৰ নামত লুণ্ঠন চলাইছিল সেই কথা স্পষ্ট হৈ পৰিছে। দিছপুৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত বিজ্ঞাপন কেলেংকাৰীৰ বিৰুদ্ধে ডিব্ৰুগড়ত যোৱা ২২ আগষ্টৰ পৰা মূখ্যমন্ত্ৰী তদাৰকী কোষে তদন্তত চলাই থাকোঁতে আহিছে এনে বহু বিস্ফোৰক তথ্য।
ডিব্ৰুগড়ত তদাৰকী কোষৰ বিনয় কুমাৰ বৰ্মনৰ নেতৃত্বত জনসংযোগ বিভাগৰ বিজ্ঞাপন কেলেংকৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা দলটোৱে ‘ভিছন আসাম মিছন আসাম’ৰ অধীনত হৰ্ডিং লগোৱা বুলি কৈ অহা ঠাই সমূহ চলাথ কৰিছে যদিও কোনো অস্তিত্ব লাভ কৰা নাই।