দলগাওঁঃ নিৰ্বাচন আহিলেই সাংসদ দিলীপ শইকীয়াই অসম মালা পথৰ প্ৰসংগৰে মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দলগাঁৱৰ পৰা শিঙৰী অভিমুখে যোৱা পথছোৱা এজাক বৰষুণতে বিধ্বস্ত হৈ পৰিছে। অসম মালা আঁচনিৰ জৰিয়তে লোক নিৰ্মাণ বিভাগৰ অধীনত আৰম্ভ হৈছিল উক্ত পথছোৱাৰ নিৰ্মাণৰ কাম।
আৰম্ভণিৰে পৰা পথটোৰ কাম নিম্ন মানৰ হোৱা বুলি স্থানীয় ৰাইজ আৰু দল সংগঠনে অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও ঠিকাদাৰ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে কোনো গুৰুত্ব নিদিয়াত বছৰটোৰ শেষৰ ভাগত অহা এজাক বৰষণৰ পানীয়ে উটুৱাই নিয়ে কালভাৰ্ট। ফলত নিৰ্মীয়মান কেবাকোটি টকীয়া পথছোৱা নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই খহি বিধ্বস্ত হৈ যায়।
উল্লেখ্য যে, পথ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ বাতৰি একাধিক সংবাদ মাধ্যমত কেইবাবাৰো সম্প্ৰচাৰ হৈছিল। কিন্তু তাৰ পিছতো কোনোধৰণৰ ব্যাৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই।
ধুপগুৰি গাঁৱৰ মাজৰে পাৰ হৈ যোৱা 'অসম মালা’ পথত থকা কৰ্লভাৰ্টটো সামান্য এজাক বৰষুণতে বহি যোৱাত বৰ্তমান যোগাযোগ বিছিন্ন হৈ পৰে শিলবৰী, বৰছলাকে আদি কৰি বৃহত্তৰ এলেকা। কাৰ্লভাৰ্টটো বহি যোৱাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ঠিকাদাৰ আৰু দায়িত্বত থকা বিভাগীয় বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ৰাইজে দাবী জনাইছে। শূন্য সহনশীলতাৰ কথা কৈ অহা চৰকাৰখনে এতিয়া ঠিকাদাৰ প্ৰতিষ্ঠান তথা বিভাগীয় বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।